নাগৰিকৰ কৰ্ণাৰ - আৰবিআই - Reserve Bank of India
অভাৰভিউ
ভাৰতৰ কেন্দ্ৰীয় বেংক- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আপোনাৰ ওচৰত যাবলৈ এই প্ৰয়াসত আপোনাক স্বাগতম। দেশখনৰ কেন্দ্ৰীয় বেংক হিচাপে আমি আপোনাৰ অৰ্থৰ সঠিক মূল্য ৰক্ষা কৰাৰ বাবে আমি একাধিক ধৰণে কাম কৰি গৈছোঁ ; আপোনাক তথ্য যোগান ধৰি আপোনাৰ সম্পদ কেনেকৈ সংৰক্ষণ কৰিব পাৰে সেই সন্দৰ্ভত দিহা দি আপোনাক সম্বৃদ্ধ কৰাটো অন্যতম।
আপোনাৰ ওচৰত যাব পৰা এই ৱেবচাইটত আপুনি ব্যৱহাৰ কৰিব পৰাকৈ আপোনাৰ ভাষাত তথ্য দিয়াৰ প্ৰয়াস কৰা হৈছে। প্ৰথমতে, আপুনি ৰিজাৰ্ভ বেংকৰ ভূমিকা আৰু কাৰ্যাৱলী সম্পৰ্কে অধ্যয়ণ কৰিব পাৰে আৰু কিভাবে কেন্দ্ৰীয় বেংকটো আপোনাৰ বাবেও প্ৰাসংগিক তাক জানিব পাৰে। আপুনি ৰিজাৰ্ভ বেংকৰ নিয়ামাৱলী পঢ়ি লব পাৰে যিয়ে আপোনাৰ লগত বেংকটোৰ সম্পৰ্ক কেনেকুৱা হব তাৰ নিৰ্দেশিকা দিয়ে।আপোনাৰ দ্বন্ব নিৰাময়ৰ বাবে আপুনি প্ৰশ্ন কৰিব পাৰে আনকি, আপোনাৰ বেংক, ৰিজাৰ্ভ বেংকৰ কোনো বিভাগ বা বেংকটোৱে আগবঢ়োৱা সেৱা অপৰ্যাপ্ত হলে আপুনি অভিযোগ দাখিল কৰিব পাৰে। টকা ,বেংকিং, বিত্ত, কিছু চিত্তাকৰ্ষক, আন আন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি তথ্য যোগান ধৰোঁ। কাৰণ...
..... আমি বিশ্বাস কৰোঁ, সাধাৰণ মানুহক ক্ষমতাশালী কৰাটোহে সম্পদ সংৰক্ষণৰ আটাইতকৈ নিশ্চিত আৰু নিৰাপদ উপায়্।
Quick Links
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: null